Tuesday, 7 October 2014

উন্নত পৃথিৱীৰ সংজ্ঞা--অনুভৱ

বোকাৰে ভৰি থকা পথবোৰ লাহে লাহে ভৰি পৰিছিল আলকাতাৰাৰ ড্ৰামবোৰে ।শ শ বিঘা মাটিৰে সোনোৱালী হৈ থকা শস্যৰ পথাৰবোৰ "বিশেষ অৰ্থনৈতিক স্থানলৈ(SEZ) "পৰিবৰ্তন হৈছিল ।মানুহবোৰ ব্যস্ত হৈ পৰিছিল ।বিজ্ঞানে ইয়াৰ চৰমসীমাত উপনীত হৈছিল ।
শ মহলীয়া অট্ৰালিকাবোৰে ঢাকি পেলাইছিল হেৰাই যোৱা সময়বোৰ ।হয় এইয়া এখন উন্নত পৃথিৱীৰ ছবি ।বিলাসী ৰেষ্টুৰেন্ট ,মলবোৰে অধিকাৰ কৰিছিল গাৱঁৰ আহঁত তল, বাহনীবাৰীবোৰ ।চাৰিআলিৰ চুকৰ কেৰমৰ আড্ডাবোৰ নোহোৱা হৈছিল বিলাসী বাৰ,কেচিন' বোৰত ।
শিক্ষাৰ প্ৰসাৰ হৈছিল ।বিশ্বায়নৰ লগত খাপ খাব ধৰা মানুহবোৰক আৰু পুৰনিকলীয়া মাতৃভাষাৰ প্ৰয়োজন নাছিল ।নৈ পৰীয়া সাধুবোৰ হেৰাই গৈছিল ।কহুুৱাঁবোৰৰো অৱশেষ বুৰঞ্জী হৈছিলগৈ ।
মৰমবোৰ জানো কৰবাত নাইকিয়া হৈছিলগৈ ।বেমাৰ আজাৰবোৰৰ অৱসানে মানুহক অমৰ কৰিছিল ঠিকেই কিন্তু লাহে লাহে এটা সত্বা মৃত্যুৰ দিশত আগবাঢ়িছিল ,অনুভূতিৰ মৃত্যু ।
হয় আমি উন্নত হৈছিলো ।উন্নত ৰাষ্টৰ মোহৰ লাগিছিল আমাৰ গাত, আমাৰ চৌপাশে ।
ঘৰবোৰ কংক্ৰিটৰ হৈছিল ঠিকেই কিন্তু সেই কংক্ৰিটৰ মাজত মৰমৰ গাঠঁনি হেৰাই গৈছিল ।সৰু সুৰা আনন্দবোৰ ভগাই লোৱা সেই গাৱঁবোৰ সপোন হৈছিল ।বোকাৰ লেটি লৈ ডাঙৰ হোৱা লৰাটোৰ ভৰি পুনৰ বোকাত পৰা নাছিল ।
মৰম চেনেহবোৰ দোকানত বিক্ৰী হৈছিল ।এসাজ অনাহাৰে থাকিও সুখী হ'ব জনা মানুহটো কত জানো হেৰাই গৈছিল ।
হয় আমি সকলোৱে সপোন দেখাৰ দৰেই আহিছিল উন্নতি চৌপাশে ।কিন্তু এই উন্নতিয়ে মাৰি নিয়া হাহিঁব জনা আপুনি ,মইবোৰ ক'ত যে থাকি গ'লো এইয়া যে কাৰো ঘূৰি চোৱাৰ সময় নহ'ল !!সময়ৰ হাতত বিক্ৰী হোৱা অনুভূতিবোৰক যে আৰু কোনেও মনত নেপেলোৱা হ'ল ।হয় এইয়াই উন্নত পৃথিৱী আমি সকলোৱে বিচৰাৰ দৰে !!!

No comments:

Post a Comment