Saturday 1 November 2014

শেষ নোহোৱা গল্পটো

           চাৰিআলিৰ চুকটোত সদায় বহে তেওঁ ।তেওঁৰ শুকাইযোৱা চকুযুৰিত কিবা অনুভূতি বিচাৰি পোৱাটো অত্যন্ত কঠিন ।ব্যস্ত পদচাৰী দুই-এজনৰ কেতিয়াবা চকুত পৰে মানুহজন,কেতিয়াবা নপৰে ।কেতিয়াবা একফালং মান নিলগৰ মন্দিৰটোৰ পৰা ওলাই দুজন এজনে ভঙনীয়া দুটামান দিয়ে,কেতিয়াবা খালী হৈয়ে থাকে সন্মুখৰ ময়লাধৰা বাতিটো ।ঠনঠনকৈ বাজি উঠা বাতিটোত এযোৰ আশাভৰা চকুৰ খন্তেকৰ বাবে জিলিকি উঠা তিৰবিৰনি দেখাা যায় ।অলপ পছতে আকৌ হেৰাই যায় ভীৰৰ মাজত ।দিন পাৰ হয় ৰাতি আহে ।তেওঁ তাতেই থাকে ।ব্যস্ত পৃথিৱী আগবাঢ়ি যায় ।তেওঁৰ প্ৰয়োজন একেই থাকে ।কেতিয়াবা ৰাস্তাটোত হুৱা দুৱা লাগে ।মানুহবোৰ সাৰ পাই উঠে হঠাতে  ।ৰঙাবাতি লগা গাড়ীবোৰ পাৰ হৈ যায় জোৰেৰে ।ভাৱলেশবিহীন ভাৱে মানুহজনে চাই ৰয় ।চৰকাৰ সলনি হয় ।উন্নতিৰ ভাষনেৰে ৰাজপথ উত্তাল হয় ।তেওঁ মাথোন চাই ৰয় ।সুন্দৰী যুৱতীৰ হাতে  ধৰা-ধৰিকৈ অহা কোনোবা যুৱকে কেতিয়াবা খম-খমীয়া নোটকৈখমান দি যায় ।মানুহজনৰ শুকান চকুহালত চকুপানী বিৰিঙি উঠে খন্তেকৰ বাবে ।আৱৰ্জনাৰ দুৰ্গন্ধত সচেতন হৈ পৰা যুৱতীগৰাকীৰ মুখখন তেওঁ দেখা নাপায় ৰুমালৰ আৱৰণৰ মাজত ।হঠাতে সচকিত হৈ পৰে মানুহজন ।তথাকথিত সমাজৰ আৱৰ্জনা তেওঁৱেইটো !!
          পথটোয়েদি সদায় অহা-যোৱা কৰো মই ।তেওঁৰ ভাৱলেশহীন মুখখনত মই বিচাৰিবৰ চেষ্টা কৰো পোনাকনক,ককাইদেউক,দেউতাক,পেহাদেউক,মোমাইদেউক,ভাইটিক ।তেওঁৰ কাষত বহি মইও এটা ৰাতি পাৰ কৰিব বিচাৰো আধাপেটীয়াকৈ উজাগৰে ।তেওঁৰ ময়লাধৰা হাতখনত হেৰাইযোৱা পোনাকনক বিচাৰিব খোজো মইও ।হঠাতে সচকিত হৈ পৰো মই আকৌ ।আইফ'নটোৰে তেওঁৰ ফটো আপল'ড কৰি বাহ বাহ লওঁ মই ।দৈনিক খৱৰ কাগজখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা তেওঁৰ ফটোখনকলৈ গৌৰৱ কৰো মই ।ৰাষ্টীয় পুৰষ্কাৰো লওঁ মই তেওঁৰ নামত ।কিন্তু তেওঁ তাতই থাকে ।মোৰ সাহস নহয় তেওঁৰ কাষত যোৱাৰ পুনৰ ।মই আৱৰ্জনা হব নোখোজো !!

তেওঁৰ নামত চকুপানী টোকো মইয়েই মোৰ সভাপতিৰ ভাষণত ।তেওঁৰ নামত ট্ৰাষ্ট আৰম্ভ হয় মোৰ বেংক একাউন্টত ।তেওক লৈ কৰা ৰাজনীতিয়ে মোক লৈ যায় উন্নতিৰ শিখৰলৈ ।কিন্তু তেওঁৰ কাষত নাযাওঁ মই ।তেওঁ যে আৱৰ্জনা মাথোন ।মোৰ উন্নতিৰ নিমিত্ত মাথোন ।মোক প্ৰয়োজন তেওঁৰ অস্তিত্বৰ ।
      কাৰোৰে অলক্ষিতে এদিন পথটো আৱৰ্জনা মুক্ত হৈ পৰে ।পাৰ হৈ যোৱা যুৱতীবোৰে এতিয়া আৰু ৰুমাল নলয় নাকত ।হেৰাই যায় তেওঁ কোনোবা অজ্ঞাত শ্মসানত ।কৰোবাৰ হেৰাই যোৱা পোনাকন প্ৰয়োজনহীন এই সমাজত ।তেওঁৰ খবৰ লবলৈ আৰু সময় নহয় মোৰ ।মোৰ যে ষ্টেটাছ আছে সমাজত ।মই আৱৰ্জনা নহয় !!

উপসংহাৰ:
   এইদৰে হেৰাই যায় হাজাৰ পোনাকন প্ৰতিদিনে ।তেওঁক লৈ না কোনোবাই চকুপানী টোকে,না কোনোবাই খবৰ লয় ।তেওঁ যে আৱৰ্জনা সমাজৰ ,উন্নতিৰ প্ৰতিবন্ধক ।কিছুদিনৰ পাছত হঠাতে ৰাষ্টাটৌৱেদি পাৰ হওঁতে আকৌ দুৰ্গন্ধৰ অনুভৱ হয় মোৰ ষ্টেটাছ থকা নাকটোত ।আৰু এজন পোনাকনৰ অাৱিভাৱ হয় ।পোনাকনক জীয়াই ৰখাটোযে অতি আৱশ্যক মোৰ !!!