Sunday 12 October 2014

চুটিগল্প : ভুল---হৃদয়ৰ যাত্ৰা

: মোৰ এতিয়াও মনত পৰে জানা আগৰ কথা ।আমাৰ মাজত এদিনৰ কাৰণেও কিবা আছিল নে বাৰু সচাঁকৈ?

:মানে???কি আছিল আমাৰ মাজত?

উত্তৰটোত যিমান হতাশ হ'লো সিমানেই উচপ খাই উঠিলো মই ।

:একো নাই ।নেভাৰ মাইন্ড ।

ডিঙিতো ঠেহা মাৰি ধৰিছিল মোৰ ।কোনোমতে সংযত কৰিলো নিজক ।হতাশাগ্ৰস্ত মোৰ মুখখনত অসংখ্য প্ৰশ্নবোধক চিনে ভীৰ কৰিলেহি ।অতীতৰ কিছুমান স্নেপচত ভাহিঁ আহিল মোৰ চকুৰ আগত ।

ক'ত আৰম্ভ হৈছিল কাহিনীটো ?উভতি গ'লো মই দুবছৰৰ আগৰ সেই বিশেষ দিনটোলৈ ,সেই ভুলটোলৈ ।

 স্নেপচত 1:

পৰীক্ষাহলটোলৈ খৰধৰকৈ সোমাই আহিছিলো মই ।দেৰি হোৱা নাছিল কিন্তু বাহিৰৰ ক'ৰিডৰত চিন্তামগ্নভাৱে ঘূৰি ফুৰা মুখবিলাকে মোক আৰু চিন্তাত পেলাইছিল ।নিজৰ ৰোলনাম্বাৰটো বিচাৰি ব্যস্তভাৱে আগবাঢ়িছিলো মই ।লগৰ দুটামানক ইতিমধ্যে দেখিছিলোৱেই পিচত বহি থকা ।এশ মান ছাত্ৰ-ছাত্ৰীৰে ভৰি আছিল হ'লটো ।চাৰিওফালে এনেই এবাৰ চকু ফুৰাইছিলো মই সেইদিনাও সদায় কৰাৰ দৰে ।আৰু এনেকৈয়ে হঠাতে মোৰ চকু পৰিছিল তাইৰ ওপৰত ।কাণৰ কাষেদি বাগৰি অহা কেকোঁৰা চুলিটাৰিৰে তাইক খুব আৰ্কষনীয় লাগিছিল ।
চন্দ্ৰৰ স্নিগ্ধতাকো যেণ ম্লান পেলাইছিল তাইৰ জিলিকা থকা মুখখনে ।আতঁৰাই আনিব নোখোজা মুখখন বিৰক্তিৰে আতঁৰাই আনিছিলো মই পৰীক্ষাৰ বহী হাতত পোৱাৰ পাছত ।পৰীক্ষা শেষ হৈছিল এদিন ।আৰু তাইও হেৰাই গৈছিল ভীৰৰ মাজত ।

স্নেপচত 2:

সন্ধিয়াবেলা ৰতনৰ দোকানখনত আড্ডা মৰাটো এটা নিত্য নৈমত্তিক কৰ্মৰ দৰে হৈ পৰিছিল মোৰ ।সেইদিনাও তাৰ ব্যতিক্ৰম নাছিল ।ধুনীয়া পাৰ্লিন মেমৰ দীঘল চুলিটাৰিৰ পৰা ৰক্তিমৰ নতুন গাৰ্লফেন্ডজনীয়ে কৰা কান্ডলৈকে সকলো আলোচনা হৈছিল সেই আড্ডাবোৰত ।কাষৰ মেজখনত হাহিঁৰে খলখলাই উঠিছিল ।ষোড়শী কেইগৰাকীমানৰ হাহিঁৰ খলখলনি ।চাওঁ নাচাওঁকৈ হঠাতে চকুত পৰিছিল মোৰ ।হয়,সেই একেই চেহেৰা, একেই হাহিঁ,একেই সাগৰৰ দৰে গাম্ভীৰ্যতা,একেই সেই কাণৰ কাষৰ চুলিটাৰি ।
মোৰ দৃষ্টি অনুসৰণ কৰি প্ৰিয়মেই ক'লে প্ৰথমে তাইৰ কথা ।তাইক দেখিলে অনুভৱ হোৱা তাৰ মনৰ ভাৱৰ কথা ।সেই প্ৰথমবাৰৰ বাবে বুকুখনত বিষ এটা হোৱা যেণ লাগিল ।ডাক্তৰ খুৰাৰ কথা মনলৈ আহিল । মনৰ ভাৱটোক একাষৰীয়া কৰি থ'লো ।সোনকালেই মেজখন খালী হৈ পৰিল ।বুকুখনত প্ৰচন্ড ধপ ধপনি এটা অনুভৱ হ'ল ।

স্নেপচত 3:
অসুখটো বাঢ়ি আহিছিল মোৰ ।অনবৰতে চটফটনি এটা অনুভৱ হৈছিল ।শেষ নোহোৱা পৰীক্ষাবোৰ আকৌ চমু চাপি আহিছিল ।অনুপস্থিত মন এটাৰে ঘূৰি ফুৰিছিলো প্ৰায় ।অৱশেষত উত্তৰ ওলাইছিল মোৰ অসুখৰ ।বাঢ়ি অহা চটফটনিবোৰৰ মাজতে সেই ভুলটোত খোজ থলো মই নজনাকৈ ।কোনোবা এটা দুৰ্বল ক্ষণৰ সুযোগ লৈ মনটোৱে বিবেক অধিকাৰ কৰিলে মুহুৰ্ততে।আৰু খন্তেকতে অঘটনটো ঘটি গ'ল ।

স্নেপচত 4:

হাই হেল্ল'ৰে আৰম্ভ হোৱা সম্পৰ্কটো হঠাতে চলিব ধৰিলে ।মোৰ উৎসুকতাৰ অন্ত নাছিল ।বুঢ়া আঙুলিৰ নখটোত লাহে লাহে বিষ আৰম্ভ হৈছিল মোৰ ।শব্দবিলাক যেন শেষেই নহয় ।তাইৰ পৰীক্ষাৰ চিন্তাত টোপনিয়ে আন্দোলন কৰে মোৰ ।তাইৰ বিষয়বিলাক লাহে লাহে ভাল লগা হৈ উঠে মোৰ ।তাইৰ অভিমান আব্দাৰবোৰত মৰমৰ সন্ধান কৰো মই ।তাইৰ মানত মই যেন পৃথিৱীৰ সবাতোকৈ ভাল ল'ৰা ।আৰু এইয়াই হয়তো ভুল আছিল মোৰ ।অলপ বেয়াও হ'ব লাগিছিল ।এইয়া যে মোৰ অনুভৱেই নহ'ল ।

কথাচহকী তাইৰ কথাবিলাক নীৰৱতাৰে আগুৰি ধৰিছিল কেন্টিনৰ সেই সন্ধ্যা কেইটাত,জুৰোডৰ পৰা গীতানগৰৰ সেই পথটোত ।সেইয়াই হয়তো সচাঁ আছিল ।মই  দেখা নাছিলো নে মই চাব খোজা নাছিলো এইয়া মই নাজানিলো তেতিয়াও আৰু এতিয়াও ।

বৰ্তমান আৰু সত্যতা:

উদং পথাৰখনত শস্যৰ সন্ধান হয়তো কোনোবা স্বপ্নদ্ৰষ্টাৰহে কাম ।সময় লাগিছিল মোৰ সাৰ পাওঁতে ।গম নাপাওঁতেই মোৰ প্ৰয়োজন শেষ হৈছিল ।হয়তো মই এলেহুৱা হৈ পৰিছিলো ।

বতাহজাক এতিয়া আৰু নাই ।শান্ত পুখুৰীটোত সৰু সৰু ঢৌবোৰ বাকী ৰৈছেগৈ ।ইয়াত মোৰ কৰণীয় একো নাছিল ।সদায় কৰাৰ দৰে তাইয়ে শেষ কৰিছিল যোগাযোগৰ শেষ মাধ্যমকনো ।

উপসংহাৰ:

মদৰ গিলাচটোত শেষ ঢোকটো বাকী ৰৈছিলগৈ ।মবাইলৰ পৰ্দাত স্তব্ধ হৈ পৰা চকুটোৱে আন্দোলন কৰি উঠিছিল ।সেমেকা হৈ পৰা চকুহালত আৰু দুখ ,পশ্চাদতাপ নাছিল আছিল সচাঁ, শুদ্ধ,নিভাঁজ ভৱিষ্যতৰ অনুভৱ ।ধন্যবাদ জনাবলৈ তাত আৰু কোনো নাছিল তেতিয়া মোৰ বাহিৰে । 

                                  ( শেষ)

Tuesday 7 October 2014

উন্নত পৃথিৱীৰ সংজ্ঞা--অনুভৱ

বোকাৰে ভৰি থকা পথবোৰ লাহে লাহে ভৰি পৰিছিল আলকাতাৰাৰ ড্ৰামবোৰে ।শ শ বিঘা মাটিৰে সোনোৱালী হৈ থকা শস্যৰ পথাৰবোৰ "বিশেষ অৰ্থনৈতিক স্থানলৈ(SEZ) "পৰিবৰ্তন হৈছিল ।মানুহবোৰ ব্যস্ত হৈ পৰিছিল ।বিজ্ঞানে ইয়াৰ চৰমসীমাত উপনীত হৈছিল ।
শ মহলীয়া অট্ৰালিকাবোৰে ঢাকি পেলাইছিল হেৰাই যোৱা সময়বোৰ ।হয় এইয়া এখন উন্নত পৃথিৱীৰ ছবি ।বিলাসী ৰেষ্টুৰেন্ট ,মলবোৰে অধিকাৰ কৰিছিল গাৱঁৰ আহঁত তল, বাহনীবাৰীবোৰ ।চাৰিআলিৰ চুকৰ কেৰমৰ আড্ডাবোৰ নোহোৱা হৈছিল বিলাসী বাৰ,কেচিন' বোৰত ।
শিক্ষাৰ প্ৰসাৰ হৈছিল ।বিশ্বায়নৰ লগত খাপ খাব ধৰা মানুহবোৰক আৰু পুৰনিকলীয়া মাতৃভাষাৰ প্ৰয়োজন নাছিল ।নৈ পৰীয়া সাধুবোৰ হেৰাই গৈছিল ।কহুুৱাঁবোৰৰো অৱশেষ বুৰঞ্জী হৈছিলগৈ ।
মৰমবোৰ জানো কৰবাত নাইকিয়া হৈছিলগৈ ।বেমাৰ আজাৰবোৰৰ অৱসানে মানুহক অমৰ কৰিছিল ঠিকেই কিন্তু লাহে লাহে এটা সত্বা মৃত্যুৰ দিশত আগবাঢ়িছিল ,অনুভূতিৰ মৃত্যু ।
হয় আমি উন্নত হৈছিলো ।উন্নত ৰাষ্টৰ মোহৰ লাগিছিল আমাৰ গাত, আমাৰ চৌপাশে ।
ঘৰবোৰ কংক্ৰিটৰ হৈছিল ঠিকেই কিন্তু সেই কংক্ৰিটৰ মাজত মৰমৰ গাঠঁনি হেৰাই গৈছিল ।সৰু সুৰা আনন্দবোৰ ভগাই লোৱা সেই গাৱঁবোৰ সপোন হৈছিল ।বোকাৰ লেটি লৈ ডাঙৰ হোৱা লৰাটোৰ ভৰি পুনৰ বোকাত পৰা নাছিল ।
মৰম চেনেহবোৰ দোকানত বিক্ৰী হৈছিল ।এসাজ অনাহাৰে থাকিও সুখী হ'ব জনা মানুহটো কত জানো হেৰাই গৈছিল ।
হয় আমি সকলোৱে সপোন দেখাৰ দৰেই আহিছিল উন্নতি চৌপাশে ।কিন্তু এই উন্নতিয়ে মাৰি নিয়া হাহিঁব জনা আপুনি ,মইবোৰ ক'ত যে থাকি গ'লো এইয়া যে কাৰো ঘূৰি চোৱাৰ সময় নহ'ল !!সময়ৰ হাতত বিক্ৰী হোৱা অনুভূতিবোৰক যে আৰু কোনেও মনত নেপেলোৱা হ'ল ।হয় এইয়াই উন্নত পৃথিৱী আমি সকলোৱে বিচৰাৰ দৰে !!!